Show/Hide Keyboard Layout

টিলাই টিলাই

- বিষ্ণুপ্ৰসাদ ৰাভা

টিলাই টিলাই

ঘূৰি ফুৰে উলাহেৰে

খাম্​টি ছোৱালী ।

 

ঘন কলীয়া মেঘৰে

আঁৰে আঁৰে

ৰং মনৰে খেলি ফুৰে

নাচনী বিজুলী ।

 

টিলাই টিলাই ...

 

বনৰে বনৰীয়া

দেখাতে ধুনীয়া দেখি

থমকি থমকি নাচে তাই

টিংতে উজ্বলি ।

 

টিলাই টিলাই ...

 

পোৱালৰ ৰঙা মণি

তাইৰে গাল দুখনি

বুকুত লৰি আভা ঢালি

কৰে ৰাঙলী 

লাজতে লাজুকী তাই

মিচিকি হাঁহিৰে তাই

দুটি নয়নৰ পাহি মেলি

খাম্​টি ছোৱালী ।

 

কাষ চাপোতেই

তাৰে বুকুত পৰে ঢলি

খাম্​টি ছোৱালী ।

 

টিলাই টিলাই ...

Hits: 1202